এ পি এছ চি কেলেংকাৰীত অভিযুক্ত সকলক লৈ এতিয়া চৌদিশে সৰৱ চৰ্চা। ধন দি চাকৰি লোৱা এইসকল এ চি এছ/এ পি এছ বিষয়াই চাকৰিকালত দীৰ্ঘদিন ধৰি বহু চৰকাৰী গুৰুত্বপূৰ্ণ কাম কৰিছিল । তেওঁলোকৰ নিযুক্তি অবৈধ হোৱা পাছত সেইকাম বোৰৰ বৈধতাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে।
এতিয়ালৈকে চৰকাৰে বা ন্যায়ালয়ে তেওঁলোকৰ দিনত হোৱা এই চৰকাৰী কাম-কাজবোৰৰ বৈধতাক লৈ কোনো নিৰ্দেশ দিয়া নাই। কিন্তু এজন অবৈধভাৱে নিযুক্তি লাভ কৰা চৰকাৰী বিষয়াৰ এনে কাম-কাজ বৈধ বুলি বিবেচিত হ’ব নে নহয় তাক লৈও আন এক প্ৰশ্ন উদয় হয়। ইফালে, এই কেলেংকাৰীত নাম সাঙোৰ খোৱা আৰু কাৰাগাৰত থকা প্ৰাক্তন বিষয়া সকলৰ মৌলিক অধিকাৰ তথা মানৱীয় দিশক লৈও চিন্তিত হৈ পৰিছে পৰিয়াল-বৰ্গ।