ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিতৰ্কই পিছ নেৰা বড়োলেণ্ড বিশ্ববিদ্যালয়ত আজিৰে পৰা অনিৰ্দিষ্টকালীন ধৰ্মঘট আৰম্ভ হৈছে৷ বড়োলেণ্ড ছাত্ৰ সন্থা চমুকৈ বি এছ ইউৰ উদ্যোগত বড়োলেণ্ড বিশ্ববিদ্যালয় মুখ্য দ্বাৰত অনিৰ্দিষ্টকালীন সময়ৰ বাবে ধৰ্মঘট আৰম্ভ হোৱাত স্তব্ধ হৈ পৰে বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ৷বিএছইউৰ নেতা-কৰ্মী, সমৰ্থকসকলে বিশ্ববিদ্যালয়ৰ মুখ্যদ্বাৰত অৱস্থান গ্ৰহণ কৰি বৰ্তমানৰ উপাচাৰ্য ডঃ হেমন্ত কুমাৰ বৰুৱাই বিগত পাঁচ বছৰ ধৰি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কোনো উন্নয়নমূলক কাম কৰা নাই বুলি অভিযোগ তুলি উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱা গ’ বেক, হেমন্ত কুুুুমাৰ বৰুৱা আমাক নালাগে, নতুনকৈ উপাচাৰ্য নিয়োগ কৰক, বিশ্ববিদ্যালয়ৰ উন্নয়ন আমাক লাগে আদি বিভিন্ন ধ্বনিৰে উত্তাল কৰি তোলে বিশ্ববিদ্যালয়ৰ চৌহদ।
বিএছ ইউৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি দেৰহাছাৎ বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰা মতে বৰ্তমানৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হেমন্ত কুমাৰ বৰুৱাই শিক্ষানুষ্ঠানৰ উন্নয়নমূলক কাম কৰাৰ দায়িত্ব আছিল যদিও যোৱা পাঁচ বছৰত একোৱে কৰা নাই। বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীয়ে কোনো কাম নকৰাৰ বাবেই আজিলৈকে বিশ্ববিদ্যালয়খনে ১২ বি ষ্টেটাছ পাবলৈ সক্ষম নহ’ল। যাৰবাবে বহু কেইখন মহাবিদ্যালয় পুনৰাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনলৈ গুচি যাবলৈ বাধ্য হ’ল।