ডিজিটেল সংবাদ, ওদালগুৰিঃ নিশা ওদালগুৰিৰ ৰাজপথত ষ্টোনমেনৰ আতংকৰ বাতৰি ধাৰাবাহিকভাৱে প্ৰচাৰ হৈ আহিছে। বিগত এবছৰ ধৰি ওদালগুৰি চহৰখনৰ বিভিন্ন প্ৰান্তত নিশা যুৱতী অথবা মহিলাৰ গালৈ লক্ষ্য কৰি শিল দলিয়াই এক দুষ্ট চক্ৰই। এই আক্ৰমণৰ ফলত ইতিমধ্যে বহুকেইগৰাকী যুৱতী আহত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে।
যোৱা ১৮ ছেপ্তেম্বৰতো এক অনুৰূপ ঘটনা সংঘটিত হৈছিল ওদালগুৰি চিক্ৰেট হাৰ্ট ইংলিছ স্কুলৰ সমীপত। অচিনাক্ত ষ্টোনমেনৰ শিলাক্ৰমণৰ ফলত গুৰুত্বৰভাৱে আহত হ’ব লগা হৈছিল এগৰাকী ছাত্ৰী। এই সন্দৰ্ভত বাতৰি প্ৰকাশ পোৱাৰ পাছতেই জিলা প্ৰশাসনৰ বিৰুদ্ধে গৰজি উঠিল বিভিন্ন দল সংগঠন।
বিগত প্ৰায় এটা বছৰে এনে ঘটনা সংঘটিত হৈ অহাৰ পাছতো প্ৰশাসনে কোনো উল্লেখযোগ্য ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে দল-সংগঠনৰ নেতাসকলে। ইয়াৰ প্ৰতিবাদত আজি ওদালগুৰি এবছুৰ উদ্যোগত আৰু কেইবাখনো মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু অভিভাৱকৰ সহযোগত এক বিশাল প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে।
Report/owned by: Prabhat Dutta Email: prabhat@nirvachanguru.com Source Location: Udalguri Published on: 22/09/2018 11:01 am